ফাগুনৰ ৰং গান আৰু মানুহ
(পুলক জ্যোতি শৰ্মা)
(CAA আন্দোলনৰ সময়ত)
ফাগুনৰ আকাশত ৰঙৰ পোহাৰ
ফাগুনৰ বতাহত গীতৰ লহৰ
পলাশ মদাৰ শিমলুৱে ৰং চটিয়াইছে আকাশত
একেলগে
দহিকতৰা হেটুলুকাই সুৰ ঢালিছে বতাহত
একেলগে
নিজে বৰ এজোপা বুলি
শিমলুৱে থুপুৰা মদাৰক উপহাস কৰা নাই
দহিকতৰা হেটুলুকাৰ খৰিয়াল নাই
সিহঁতৰ ধৰ্ম আছে - মন্দিৰ মছজিদ গীৰ্জা নাই
সিহঁতে সুখৰ ৰং চটিয়ায়
সঁচা সুৰ বিয়পায়
ৰাজধানীৰ ৰাজপথত মানুহেও চটিয়াইছে
ফাগুনৰ ৰং --মানুহৰ ৰঙা তেজৰ
ৰাজধানীৰ ফাগুনীয়া বতাহত
বিয়পিছে শব্দ – আৰ্তনাদ আৰু উচুপনিৰ
বিয়পিছে ধোঁৱা
বিয়পিছে গোন্ধ – বাৰুদ আৰু নৰ্দমাত পৰি ৰোৱা মৃতদেহৰ
মানুহৰো ধৰ্ম আছে –
মন্দিৰ মছজিদ গীৰ্জাত আবদ্ধ ধৰ্ম
দেশ জাতিৰ সীমাৰেখাত বিভক্ত ধৰ্ম
ক্ষমতাৰ লিপ্সাৰে কলুষিত ধৰ্ম
মানুহৰ ইতিহাস সেয়ে চিৰকাল তেজ ধোঁৱা আৰু চকুলোৰে ধূসৰিত
হতভাগা মানুহ --দাবী জীৱ শ্ৰেষ্ঠত্বৰ
********